দৃশ্য ১
২৫ জানুৱাৰি। পুৱা ৮ বাজি ১০ মিনিট। উলুবাৰীৰ পৰা গনেশগুৰি অভিমুখে দত্ত বাইকত আহি আছে। পাছত মাক। মাকৰ খালী পেতেৰে কৰিবলগা পৰীক্ষা এটা কৰি আহিছে। দুয়োৰে তীব্র ভোক লাগিছে। সোণকালেই বিচনাৰ পৰা উঠা হ’ল। সুদা লাল চাহ একাপৰ বাদে একো খোৱা নাই। মাকে আকৌ বাহিৰত একো নাখায়। মানে খাব নোৱাৰে। গা ভাল নহয়। বাহিৰৰ বস্তুৱে পেট বেয়া কৰে। মাকক এৰি অকলে কিবা খাবলৈও মন নগ’ল। প্রায় খালী ৰাস্তাত এ বি চি লৈকে তেওঁলোক ঠিকেই আহিল। কিন্তু এ বি চি ত আৰক্ষীয়ে আগভেটা দিলে। তেওঁলোকৰ বিপৰীত দিশেৰে মূখ্যমন্ত্রী আহিব। সেয়ে বাট বন্ধ কৰি দিয়া হ’ল। এসোপামান গাড়ীৰে ৰাস্তাটো ভৰি গ’ল। দত্তহঁতৰ পিছে পিছে এখন এম্বুলেন্স। শিঙা বজাই আছে। আৰক্ষী এজনে আহি শিঙাটো বন্ধ কৰিবলৈ ক’লে। দত্তই তেওঁ জনক ক’লে, দাদা যিহেতু চি এম বিপৰীত দিশৰ পৰাহে আহিব, সেয়ে অন্ততঃ এম্বুলেন্স খনক যাবহে দিব লাগিছিল। গোমোঠা মুখেৰে আৰক্ষী জনে ক’লে যে দিব নোৱৰি। পিছফালৰ গাড়ীখনৰ পৰাও এজন মানুহ আহি একেই অনুৰোধ কৰিলে। ফল নধৰিলে। উপাই নাপাই মানুহজনে ফটো এখনকে ল’লে। বোধহয় বাতৰিৰ সৈতে জড়িত ব্যক্তি। অবশেষত সম্পূৰ্ণ ১০ মিনিটৰ পিছত চি এমৰ কনভয় যোৱাৰ পিছতহে তেওঁলোকক যাবলৈ দিয়া হ’ল।
দৃশ্য ২
৮ বাজি ২২ মিনিট। দত্তহঁত গৈ ৱালফোৰ্ড পালেগৈ। আকৌ ৰখালে। পুৱাই পুৱাই তালাছি। দত্তৰ অসুস্থ মাকক বাইকৰ পৰা নামিব দিয়া হ’ল। দত্তৰ বাইকত লগাই থোৱা মোনাটো পৰীক্ষা কৰা হ’ল, কিজানি কিবা আছেই। তেওঁৰহে লাজ লাগিল। পানীৰ বটল এটাৰ বাহিৰে একো নাই। হেলমেট নিপিন্ধা সকলক এফালে ৰখাই থোৱা হ’ল। দত্তৰ যেনিবা হেলমেট আছিল। সেয়ে যাব দিলে।
৮ বাজি ২৭ মিনিট। গনেশগুৰি দলঙৰ তল। দত্তৰ সমান্তৰালকৈ এজন আৰক্ষী বাইক লৈ গৈ আছে। ককালত থকা অস্ত্রৰ পৰা তেওঁযে বিষয়া দত্তই বুজি পাইছে। কিন্তু তেওঁ হেলমেট পিন্ধা নাই। দত্তই লাহেকৈ তেওঁক বাইকৰ পৰাই সুধিলে “চাৰ পুলিচে হেলমেট পিন্ধিব নালাগে নেকি? আমি নিপিন্ধিলে দেখোন আপোনালোকেই ধৰে।“ আৰক্ষীজনে দত্তক চুইহে নিকিলালে। তেওঁ বাইকৰ পৰাই দমদমাই উঠিল –“হু আৰ ইউ টু আস্ক মি? মই অফিচাৰ। আমাৰ মূৰত থকা টুপীটোৱেই আমাৰ হেলমেট। বেছি কৰিলে ভৰাই থৈ দিম বাপ্পেকে।“ মাকে দত্তক ক’লে “তই মনে মনে থাক। ইহঁতৰ লগত কাজিয়া কৰি পাৰ নাপাৱ।“ দত্ত মনে মনে থাকিল। মাকৰ কিবা এটা হ’লে বেয়া কথা হ’ব।
৮ বাজি ৩০ মিনিটত দত্ত ঘৰ পালেগৈ। এগালমান বিৰক্তিৰে মনটো ভৰি পৰিল। ভাবিলে, কালিলৈ গণতন্ত্র দিৱস। এইবোৰৰ কিবা লাভ আছে জানো? আমি স্বাধীন গণতান্ত্রীক দেশৰ নাগৰিক হয়নে?