Saturday 29 June 2013

চিন্যেৰু (২)



দুপৰীয়া
চুবুৰিটো শুই আছে -
সপোন খেদাৰ যন্ত্ৰণাত

চিন্যেৰু (১)



ৰাজপথত জননেতা
এখন এম্বুলেন্স
কাতৰ আৰ্তনাদ

হাইকু(৪)



বেলিটোৱে বাট হেৰুৱাইছে
এটা গঙাচিলনীৰ
আৱৰণ খোলাৰ আখৰা

কুঁৱলি



কুঁৱলিবোৰ বাঢ়ি আহে। ছবিবোৰ ধূসৰ হৈ পৰে। দুখবোৰে মেৰিয়াই ধৰে।
বিষাদ মধুৰ ছবি এখনে প্রাণ পাই উঠে। 
বিষাদৰো দাম আছে।

সময়



এখন খিড়িকি
দুটা চকু
পাইথাগোৰাচৰ উপপাদ্য
প্রবেশিকালৈ বেছিদিন নাই

এটা সপোন
কটনত পঢ়িম কটনত পঢ়িম কটনত পঢ়িম 

সপোনটোৱে জাপ মাৰে 
খিড়িকিখন জাপ খায়
চকুহাল নিজৰ নহয়