Wednesday 26 June 2013

আবেলি: এটা প্ৰেমৰ কবিতা

ফাগুনৰ এদিন
পচো‌ৱা এজাকে ৰং সানিছিল

হঠাতে খহিছিল
এটা তামোলৰ ঢকু‌ৱা
উচপ খাই উঠিছিল
দুপাহ ৰক্তজবা

আহ: কি তীব্ৰ সেই ৰাগি
ফুলমণিৰ
নিপুণ হাতৰ এবটল ফটিকাই
হাৰ মানিছিল

হেমন্তৰ এক বিষন্ন দুপৰীয়া
ঢকু‌ৱাৰ অ‌ৱশিষ্ট সন্ধানহীন হ'ল

এতিয়া সেই ঠাইত
এজোপা গধুলি-গোপাল গজিছে

No comments:

Post a Comment