Saturday 6 July 2013

অনতিক্ৰম্য : এটা চিঠিৰ আকাৰে লিখা গল্প



মিহিৰ,

জানো চিঠিখন পাই আচৰিত হ'বি 'বৰে কথা মোবাইলৰ দ্বাৰা আমি খবৰ খাটি লৈয়ে থাকো তাৰ পাছতো মই তোলৈ কিয় চিঠি লিখিলো? তই নিশ্চয়এই কথা ভাবিছ লগতে ভাবিছ যে মই অলপ পাগল হ'লো নেকি বাৰু? নহয়নে? হয় মাজে মাজে নিজকে পাগল পাগল লাগি যায় জীৱনৰ বাটত এনে কিছুমান পৰিস্থিতিৰ মুখামুখি হ'ব লগা হয় যে সেইবোৰ সঁচা নে মিচা বুজিব নোৱাৰা হৈ পৰো আৰু সেই ঘটনাবোৰে আমাৰ নিজৰ ওপৰতে সন্দেহ আনি দিয়ে যে আমি মানসীক ভাৱে সুস্থ নে অসুস্থ বাৰু আমি বুলি কৈছো, আচলতে মই বুলিহে লিখিব লাগিছিল কাটি দিবলৈ মন নগ'

বাৰু পাতনি থওঁ আজিৰ পৰা বাৰ পোন্ধৰ বছৰৰ আগৰ ঘটনা এটা মই তোক সদায়ে ক'ম বুলি ভাৱো কিন্তু তোক লগ পালে বা তোৰ লগত ফোনত কথা হ'লে মই কথাটো ক'ব নোৱাৰা হৈ পৰো ঠিক ক'ম ক'ম বুলি থাকোতেই সময় পাৰ হৈ যায় আৰু আমাৰ কথা-বাৰ্তাই বেলেগ দিশে গতি কৰে তোক ক'ম ক'ম বুলি ভাৱি থকা সেই এযুগৰ আগৰ সেই ঘটনাটোকে মই আজি এই চিঠিখনৰে তোক ক'ম বুলি ভাৱিছো চিঠিখন অলপ দীঘল হ', তথাপি আশাকৰো তই পঢ়িবি

সেই সময়ত মই গুৱাহাটীত সংবাদ মাধ্যমত নিজকে প্ৰতিস্থিত কৰাৰ বাবে সংগ্ৰাম কৰিছিলো  আমাৰ কাকতৰ প্ৰায়খিনি কৰ্মচাৰীৰ লগতেই মোৰ এক বন্ধুত্বৰ সম্পৰ্ক গঢ় লৈ উঠিছিল  তাৰে ভিতৰত সত্যেনৰ সৈতে মোৰ ঘনিষ্ঠতা অলপ বেছি হৈছিল  সত্যেনৰ ককায়েক দিগন্ত মোৰ দাদাৰ বন্ধু আছিল সেই সূত্ৰেই তাৰ সৈতে মোৰ ঘৰুৱা সম্পৰ্ক গঢ় লৈ উঠিছিল সেই সময়ত দিগন্ত দাই অসমীয়া সংগীত জগতত খোজ পেলাইছিল তেওঁ সুৰ কৰা কেইটামান গান মানুহৰ মুখে মুখে শুনা গৈছিল আনহাতে সত্যেনে আকৌ মোৰ দৰে কবিতা লিখিছিল আৰু তাৰ কবিতা কাকত আলোচনীত প্ৰকাশ হৈছিল

আমি প্ৰায়ে সময় পালে কমাৰ্চ কলেজৰ ওচৰত আড্ডা মাৰিছিলো, যিটো আড্ডালৈ গুৱাহাটীত থাকোতে তয়ো মাজে মাজে আহিছিলি আড্ডাত বহুতো কথাই ওলাইছিল আৰু তাতে এদিন মই আচৰিত হ'ব লগা কথা এটা শুনিছিলো সেইদিনাৰ আড্ডাত সত্যেন উপস্থিত নাছিল মৃগেন নামৰ ল'ৰা এটাই (তই মৃগেনক লগ পোৱা নাই) দিগন্ত দাৰ বিষয়ে সাংঘাটিক কথা এটা কৈছিল কথাটো হ'ল যে দিগন্ত দাৰ তেওঁলোকৰ ঘৰত কাম কৰা মিলি নামৰ ছোৱালীজনীৰ সৈতে অবৈধ সম্পৰ্ক আছে দিগন্তদাৰ ভাৰাঘৰলৈ মাজে মাজে গৈছিলো সত্যেনো দিগন্তদাৰ লগতে  থাকে তালৈ গ'লে মিলি নামৰ ছোৱালীজনীক মই লগ পাওঁ কিন্তু সন্দেহজনক একোৱেই মই তেওঁলোকৰ ঘৰত দেখা নাছিলো সেয়ে মৃগেনে কোৱা কথাটো মিছা বুলিয়েই মই ভাৱিছিলো
কিন্তু লাহে লাহে দিগন্তদা আৰু মিলিৰ কাহিনী মই চিনি পোৱা সকলোৰে মুখে মুখে হ' ফলত মই নিজেও কথাটো কিছু পৰিমাণে হ'লেও বিশ্বাস কৰিবলৈ ল'লো লগতে তেওঁলোকৰ ঘৰলৈ যাবলৈ মই একধৰণৰ সংকোচ অনুভৱ কৰিবলৈ ল'লো তেনেতে  সেই বিশেষ দিনটো আহি পৰিল

সেইদিনা মোৰ আৰু সত্যেন দুয়োটাৰে অফ আছিল ৰাজগড়ৰ ষ্টুদিঅ' এটাত দিগন্তদাই সংগীত পৰিচালনা কৰা অদিঅ' কেছেট এটাৰ বাণীবন্ধনৰ কাম চলি আছিল সত্যেন আৰু মই অদিঅ' ৰেকৰ্ডিং চাবলৈ ষ্টুদিঅ'টোলৈ গৈছিলো বতৰ বৰ বেয়া আছিল তীব্ৰ বৰষুণৰ বাবে আমি ষ্টুদিঅ'টোৰ পৰা ওলাব নোৱাৰা হ'লো অৱশেষত নিশা দহ মান বজাত সেইদিনালৈ দিগন্তদাৰ কাম শেষ হ' যিহেতু মোৰ ভাৰাঘৰ থকা অঞ্চলটোত সেইজাক বৰষুণত  কৃত্ৰিম বানপানী হোৱাটো এক প্ৰকাৰ খাটাং আছিল, সেয়ে(?) সত্যেন আৰু দিগন্তদাই মোকো তেওঁলোকৰ লগতে তেওঁলোকৰ ঘৰলৈকে যাবলৈ লগ ধৰিলে উপাই নাপাই ময়ো তেওঁলোকৰ লগতে ওলালো মনত কিন্তু এক ভীষন ভয়ভাৱ আছিল সেই ভয়ভাৱটোনো মোৰ মনত কেনেদৰে সৃষ্টি হৈছিল সেইটোও মোৰ বাবে এক অবুজ সাঁথৰ

অৱশেষত দিগন্তদাৰ ঘৰত উপস্থিত হ'লো বৌৱে বেছ আদৰ-অভ্যৰ্থনা জনালে হাত মুখ ধুই উঠি দিগন্তদাই চাৰি কুঠলীয়া ঘৰটোৰ আলহিৰ বাবে ৰখা কোঠাটোলৈ মোক মাতি নিলে কোঠাটোৰ মজিয়াতে বহি আমি দুয়ো অলপ মদিৰা পান কৰিলো(মই দাদাৰ সৈতে একেলগে মদিৰা পান কৰো বাবেই দিগন্তদাৰ লগতো ফ্ৰী হৈ গৈছিলো লগতে এইটোও ঠিক যে মদৰ প্ৰতি মোৰ বিশেষ দূৰ্বলতাও নাই) তাৰ পিছত বৌৱে নে মিলিয়ে জানো ধুনীয়াকৈ ৰন্ধা মাছৰ তেঙাৰে ভাত খালো অৱশেষত সেই আলহিৰ কোঠাৰ বিচনাখনতে মোক শুবলৈ দিয়া হ' মই তাৰ আগতে তেওঁলোকৰ ঘৰত কেতিয়াও ৰাতি থকা নাছিলো সেয়ে অলপ আখজা লাগিল যদিও শুবলৈ চেষ্টা কৰিলো

মই কোঠাটোৰ লাইটটো নুমুৱাই শুবলৈ আয়োজন কৰিলো তেনেতে দেখোন কোঠাটোৰ লাইটটো পুনৰ জ্বলি উঠিল মই দেখিলো কোঠাটোলৈ বিচনা কাপোৰ এজাপ লৈ মিলি আহিছে আৰু তাই মাটিতে বিচনা পাৰিছে কথাটো মোৰ ভাল নালাগিল মই সত্যেনৰ কোঠালৈ গৈ তাক ক'লো যে মিলিৰ লগত মই একেটা কোঠাতে শুবলৈ ভাল পোৱা নাই গতিকে ময়ো তাৰ লগতে শোৱাৰ প্ৰস্তাৱ দিলো সি কিন্তু মোক পুনৰ মোক শুবলৈ দিয়া কোঠাটোতে শুবলৈ পঠিয়াই দিলে কোঠাটোলৈ ঘূৰি আহি দেখিলো যে মিলিয়ে ইতিমধ্যে বিচনা পাৰি অঁটাই শুবলৈ লৈছে উপাই নাপাই ময়ো মোৰ বিচনাত শুই দিলো কোঠাটোৰ লাইটটো কিন্তু মই নুমুৱাই নিদিলো অলপ পিছত মিলিয়ে লাইটটো নুমুৱাই দিলে মই উঠি গৈ আকৌ লাইটটো জ্বলাই দিলো এনেদৰে মই তিনিবাৰমান লাইটটো জ্বলাই দিওঁ আৰু মিলিয়ে নুমুৱাই দিয়ে শেষবাৰৰ বাবে যেতিয়া মই লাইটটো জ্বলাই দিলো, সেইবাৰ মিলিয়ে আৰু লাইটটো নুমুৱাই নিদিলে তাই বিচনা কাপোৰবোৰ উঠাই দিগন্তদাৰ কোঠালৈ গুছি গ' দিগন্তদা এটা কোঠাত অকলে শোৱে আৰু বৌ আন এটা কোঠাত অকনমানিজনীৰ লগত শোৱে

ৰাতিটো কোনোৰকম ইকাতি সিকাতি কৰি থাকি ৰাতিপুৱাই তেওঁলোকৰ ঘৰৰ পৰা গুছি আহিলো তাৰ পিছৰপৰা মই মন কৰিবলৈ ধৰিলো যে মোক দেখিলে যেন মোৰ লগৰবোৰে কিবা ফিচিঙা ফিচিঙি কৰে! সকলোৱে যেন মোৰ পৰা আতৰত মোৰেই কথা পাতে! মই গম পালো যে সেইদিনা ৰাতিৰ দিগন্তদাহঁতৰ ঘৰৰ কাহিনীটো দিগন্তদা বা সত্যেনৰ কোনো এজনে বা দুয়োজনে মিলি ৰহন সানি ৰাইজৰ আগৰ পৰিবেশন কৰিছে যিহেতু দিগন্তদা আৰু মিলিৰ কাহিনী সকলোৱে জানে বুলি তেওঁলোকে ইতিমধ্যেই গম পাইছে, সেয়ে, সেই কাহিনী তল পেলোৱাৰ এয়া এক কুটিল ষৰযন্ত্ৰ বুলিয়েই মোৰ ভাৱ হ' ময়ো দুই এজনক সেইদিনা ৰাতিৰ ঘটনাবোৰ কৈছিলো (তোক কোৱা নাছিলো) যদিও মোক কোনেও বিশ্বাস নকৰা যেন লাগিল মই বৰ হতাশ হৈ পৰিছিলো

অৱশেষত যেনিবা মোৰ ভাগ্য মুকলি হ' মই বেলেগ এখন কাকতত চাকৰি পালো লাহে লাহে মোৰ বন্ধুসকলো সলনি হ' সেই হাতাশাৰ পৰাও মই কিছুপৰিমানে হ'লেও মুক্তি পালো

তই চাগৈ ভাৱিছ মই সেই হতাশাৰ পৰা মুক্তি পালোৱেই যেতিয়া এই বেবেৰিবাংখননো কিয় গাই আছো? নহয়নে বাৰু? নহয় আৰু অলপ আছে আশাকৰো ধৈৰ্য্য ধৰি সেইখিনিও পঢ়িবি

আজি দুমাহমান আগেয়ে মই এখন নতুন কাকতত যোগদান কৰিলো আচৰিত ভাৱে সেই কাকতখনত সত্যেনক মই পুনৰ সহকৰ্মী হিচাপে পালো সি মোৰ বিভাগতে মোৰ তলতীয়া কৰ্মচাৰী হিচাপে কাম কৰে আনহাতে সি কাকতখনত মোতকৈ প্ৰবীন লাহে লাহে মই মন কৰিছো যে অফিচৰ মানুহবোৰে মোৰ প্ৰতি এক বিশেষ দৃষ্টি দিবলৈ লৈছে সকলোৱে যেন দূৰৰ পৰা মোক হাঁহে! মই প্ৰথমে নতুন কাৰ্য্যালয়ত যোগদান কৰাৰ সময়ত অফিচটোৰ চাকৰিয়ালসকলৰ মোৰ প্ৰতি যি সমীহ আছিল, সেয়া যেন কমি গৈছে মই গম পাইছো, সত্যেনে সেই বিশেষ ৰাতিটোৰ কথা অতিৰঞ্জিত কৰি মোৰ সহকৰ্মী সকলক পুনৰ লগাইছে
বেয়া নাপাবি মনৰ দুখতে এই কথাখিনি তোলৈ লিখিলো মোৰ ক্ষেত্ৰত সদায়ে এনেকুৱা কিয় হয় বাৰু?  সত্যেনে বাৰু সঁচাকৈ মোৰ কথা সহকৰ্মীসকলক লগাইছে নেকি? সি তেনে কাম কৰিব পাৰেনে বাৰু? মই বৰ হতাশ হৈ পৰিছো

'ব দে আজিলৈ থওঁ চন্দনা আৰু কুকীৰ ভালনে? ৰশ্মীহঁত ঠিকেই আছে

এইবোৰ পঢ়ি তই বাৰু মোক পাগল বুলি ভাৱিবিনেকি?

ইতি,
তোৰ বিপ্লৱ

No comments:

Post a Comment