(১)
তোৰ
তন্বী শৰীৰৰ দুৰ্বাৰ সুগন্ধি
শাৰদী অ'
আহচোন চোতালতে বহো
মাতাল হওঁ
জোনৰ হাতৰ ফটিকা পি!
শাৰদী অ'
আহচোন চোতালতে বহো
মাতাল হওঁ
জোনৰ হাতৰ ফটিকা পি!
(২)
আচলতে
শৰৎ নিজেই এক কবিতা
সেয়ে চাগে'
কবিৰ বুকুত গজে
হেজাৰ শব্দৰ মালিতা!
সেয়ে চাগে'
কবিৰ বুকুত গজে
হেজাৰ শব্দৰ মালিতা!
(৩)
বিষাদ
বাঁহীৰ সুৰ এটাই
ৰূপোৱালী ঢৌ তোলে
লয় পায় শেৱালিৰ বিফল সাজোন
দূবৰিৰ চকুপানীত জাগে এটি দোকমোকালি!
ৰূপোৱালী ঢৌ তোলে
লয় পায় শেৱালিৰ বিফল সাজোন
দূবৰিৰ চকুপানীত জাগে এটি দোকমোকালি!
(৪)
মোৰো
জীৱনলৈ শৰৎ আহিছে অ' শাৰদী
সেয়ে চাগে' ডাৱৰ কঁহুৱা বোৰে
হেৰোৱা ফুলৰ সুবাস আনে
আহচোন শাৰদী দুয়ো শৰালি হওঁ
গুছি যাওঁ দিগন্তলৈ
হেমন্তৰ বিষন্নতাবোৰ নিলগাই ৰাখিবলৈ !
সেয়ে চাগে' ডাৱৰ কঁহুৱা বোৰে
হেৰোৱা ফুলৰ সুবাস আনে
আহচোন শাৰদী দুয়ো শৰালি হওঁ
গুছি যাওঁ দিগন্তলৈ
হেমন্তৰ বিষন্নতাবোৰ নিলগাই ৰাখিবলৈ !