Monday 4 November 2013

কা‌ৱৈ টিলাৰ সাধু



আজি অফিচলৈ আহি বাইকখন 'বলৈ ধৰোতে এটা আমোদজনক দৃশ্য দেখিলো সেইটো ', এজনে পাৱাৰ টিলাৰ এখন আমি বাইক থোৱা ঠাইত পাৰ্ক কৰিবলৈ চেষ্টা কৰিছে লগে লগে মনত পৰিল এটা ২০ বছৰমানৰ আগৰ ঘটনালৈ ঘটনাটো এনে-

মোৰ জেঠাইহঁতৰ গাওঁখনৰ এজন শিক্ষিত নিবনুৱা দাদাই কোনো চাকৰি বাকৰি নাপাই খেটি কৰাই ভাল বুলি পাৱাৰ টিলাৰ এখন কিনিলে। সেইখন কিনাৰ পিছদিনাই মই সেই গাওঁখনলৈ গৈছিলো। মোক বাটতে দেখি সেই দাদাজনৰ মাকে মোক 'লে - "আমাৰ বাবাই কালি কাৱৈ টিলা এখন কিনিলে নহয়! চাই যাবি আহ।"

জকাইচুকীয়া জেঠাইৰ মুখত পাৱাৰ টিলাৰ গুছি কাৱৈ টিলা 'লগৈ। "মোল্লাৰ দৌৰ মচজিদ পৰ্যন্ত" বুলি এনেয়ে নকয়!

No comments:

Post a Comment