Monday 18 November 2013

পণ

আঘোণৰ পদুলিত সাহসৰ চাকি জ্বলে
ভদীয়াই কাচিখন জোৰেৰে শান দিয়ে।
ধানৰ পথাৰতে সি আঘোণীক কথাটো ক'ব
হাতত হাত থ'ব
লখিমীৰ লগতে তাইকো লৈ যাব।
কালৈ ভয় কিহৰ ভয়?
সোণগুটিৰ ভৰত দোঁ খাই পৰা তাৰ বিৰিয়া
তেল পিচলা
হাতত ধাৰাল কাচি
ঘূৰি বাৰিষাত তাই হ'বই হ'ব
তাৰ পথাৰৰ ৰো‌ৱণী!

No comments:

Post a Comment